তপন শইকীয়া, ডিব্ৰুগড়ঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক আক্ৰমণৰ ঘটনা। একে দিনাই তিনিচুকীয়া আৰু নলবাৰীত সাংবাদিকৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা কৰিছে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে।
সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ সভাপতি বিপুল মেধি আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগেত ৰাজ্যখনত একেটা দিনতে সংঘটিত হোৱা দুটাকৈ সাংবাদিকক আক্ৰমণৰ ঘটনাত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈকো দাবী জনাইছে।