লাহোৱালঃ দেওবাৰে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হৈ যায়। পুৱা সন্থাৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি হিৰণ্য গোহাঁই সেনাপতিয়ে। স্মৃতি তৰ্পণ কৰে ডিব্ৰুগড় জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক তৰঙ্গকল্লোল শইকীয়াই।
ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ৰ প্ৰতিনিধি সকলৰ উপস্থিতিত পুৰণি সমিতি ভঙ্গ কৰি নতুন সমিতি গঠন কৰা হয়। বিষয়বাচনি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক জয়ন্ত চুতীয়াই।