লাহোৱালঃ দেওবাৰে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হৈ যায়। পুৱা সন্থাৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি হিৰণ্য গোহাঁই সেনাপতিয়ে। স্মৃতি তৰ্পণ কৰে ডিব্ৰুগড় জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক তৰঙ্গকল্লোল শইকীয়াই। 

ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ৰ প্ৰতিনিধি সকলৰ উপস্থিতিত পুৰণি সমিতি ভঙ্গ কৰি নতুন সমিতি গঠন কৰা হয়। বিষয়বাচনি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক জয়ন্ত চুতীয়াই। 

মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম মাধ‍্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা, বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে প্ৰাক্তন জিলা সম্পাদক তথা অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ, নাহৰকটীয়া উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ ৰাম ৰাজকোঁৱৰে। সভাত সন্থাৰ কেইবাজনো ব‍্যক্তিক সম্বৰ্ধনা জনোৱা হয়। 

প্ৰদীপ চাংমাই, (সভাপতি, নাহৰনি উচ্চ মাধ্যমিক বিদ্যালয়), টংকেশ্বৰ গগৈ, (সম্পাদক, লেঙেৰী উচ্চতৰ মা‍ধ‍্যমিক বিদ্যালয়), দেবেন চেতিয়া, (উপ-সভাপতি, পিথুবৰ বালিকা উচ্চতৰ মাধ‍্যমিক বিদ্যালয়), পদ্ম ৰাজকোঁৱৰ, (উপ-সভাপতি, টিপলিং হাইস্কুল), সঞ্জয় দত্ত (ৰাজ‍্যিক সদস্য, মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ‍‍্যমিক বিদ্যালয়), উৎপল গগৈ, (ৰাজ‍্যিক সদস্য, নাহৰকটীয়া উচ্চতৰ মাধ‍্যমিক বিদ্যালয়), ৰূপজ‍্যোতি কোৱঁৰ, (সহকাৰী সম্পাদক, ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়)ক লৈ ডিব্ৰুগড় জিলা মাধ‍্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।