76
ডিব্ৰুগড়ঃ চাৰিওফালে এতিয়া হাহাকাৰ৷ ধাৰষাৰ বৰষুণে ডিব্ৰুগড় জিলাৰ লেজাই কলাখোৱা গাঁও, পানীমিৰি গাঁও, জাঁজীমুখ এতিয়া বানৰ কবলত৷
ব্ৰহ্মপুত্ৰৰ বুকুত উফন্দি অহা চেঁচা নদীৰ বাঢ়নি পানীয়ে সেই গাঁও অঞ্চলক এতিয়া জলমগ্ন কৰি তুলিছে৷ স্কুল, মানুহৰ বাসস্থানৰপৰা ৰাস্তা-পথত এতিয়া মাথোন বানপানী৷