ডিব্ৰুগড়ঃ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰেশ্বৰ খাউণ্ডৰ দেহাৱসান হয় বৃহস্পতিবাৰে সন্ধিয়া ৮ বজাত। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে ১০২ বছৰ বয়সত ডিব্ৰুগড় নালিয়াপুলস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।
১৯১৮ চনৰ ২৭ নৱেম্বৰত চাবুৱাৰ চেতিয়াপথাৰ গাঁৱত জন্মগ্ৰহণ কৰা ইন্দ্ৰেশ্বৰ খাউণ্ডেই হৈছে অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ প্ৰথমজন বিধায়ক তথা কেবিনেট মন্ত্ৰী। তদুপৰি মটক জনগোষ্ঠীটোৰ প্ৰথমগৰাকী স্নাতক হোৱাৰ লগতে প্ৰথমজন অধিবক্তা আছিল প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰেশ্বৰ খাউণ্ড।