ডিব্ৰুগড়ঃ চাহ জনগোষ্ঠী অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ৷ চাহ জনগোষ্ঠীক বাদ দি অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়া সম্পূৰ্ণ হব নোৱাৰে৷ শুকুৰবাৰে ডিব্ৰুগড়ত হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ উপস্থিতিত অনুষ্ঠিত এখন বিশাল সভাত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বলকুমাৰ ভট্টাচাৰ্যই এই মন্তব্য আগবঢ়ায়৷
আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা খিলঞ্জীয়া ঐক্য মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই চাহ জনগোষ্ঠীক খিলঞ্জীয়া নহয় বুলি কৰা মন্তব্যৰ বিৰুদ্ধে চাহ জনগোষ্ঠী আদিবাসী যৌথ মঞ্চৰ উদ্যোগত ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল গণ সমাৱেশত ড০ ভট্টাচাৰ্যই চাহ জনগোষ্ঠীৰ সমস্যা অসমৰ জাতীয় জীৱনৰ সমস্যা বুলি উল্লেখ কৰি এই সমস্যাক আমাৰ সমস্যা হিচাপে গ্ৰহণ কৰি আহিছো বুলি মন্তব্য প্ৰদান কৰে৷