ডিজিটেল ৰিপ’ৰ্টঃ “জনসাধাৰণৰ সন্তুষ্টি-অসন্তুষ্টি দুয়োটাৰে প্ৰতি গুৰুত্ব দিব লাগে। বৰ্তমান চৰকাৰৰ প্ৰতি লাহে লাহে অসন্তুষ্টি বাঢ়িছে যেন বোধ হয়। আগৰ চৰকাৰৰ দিনত মানুহ অতিষ্ঠ হোৱাকৈ বহু অনুষ্ঠান-প্ৰতিষ্ঠান, আঁচনি ৰাজীৱ গান্ধীৰ পৰিয়ালৰ নামত হৈছিল। এতিয়া আকৌ এনে ট্ৰেণ্ড এটাই আহিছে। দীনদয়াল উপাধ্যায়াই যে এজন ডাঙৰ মানুহ, পণ্ডিত দেশপ্ৰেমিক আছিল সন্দেহ নাই। কিন্তু একেলগে বহুবোৰ অনুষ্ঠান, আঁচনিৰ নাম দীনদয়াল উপাধ্যায়ৰ নামত কৰাৰ যুক্তি নাই। বিধায়কসকলেও বিধানসভাৰ মজিয়াত এইবোৰৰ বিৰোধিতা কৰিব লাগে।”- বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকি আজি বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সন্মুখতে এই মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াই।
তেওঁ লগতে সাংবাদিকসকল মানুহ, সমাজ দেশ আৰু সত্যৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগিব বুলি পৰামৰ্শ আগবঢ়ায়। তেওঁ আৰু কয়, “সাংবাদিকতা অতি পবিত্ৰ। স্বাধীনতাৰ আগতে সাংবাদিকতা দেশৰ বাবে মহৎ উদেশ্য লৈ গঢ়ি উঠিছিল। তাৰ পিছত ক্ৰমান্বয়ে ব্যৱসায় হিচাপে গঢ়ি উঠিছে। নিউজ যেতিয়া ভিউজ হয় তেতিয়া পৱিত্ৰতা নোহোৱা হয়। কাৰোবাক দোষাৰোপ কৰি বাতৰি দিব নালাগে। নিউজ নিউজেই। সত্য দৰ্শন চকুৰ আগত ৰাখি সাংবাদিকতা কৰিব লাগিব। ব্যক্তিগত দিশত যাব নালাগে। মানুহৰ চৰিত্ৰ হনন কৰাটো আটাইতকৈ ডাঙৰ অপৰাধ।”