ডিব্ৰুগড়ঃ ডিব্ৰুগড় গড়কাপ্তানী বিভাগত হোৱা কোটিটকীয়া কেলেংকাৰীত জড়িত ঠিকাদাৰসহ এগৰাকী কৰ্মচাৰীক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰাৰ পিছত আজি পুনৰ মূখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ এটা দলে শাখাই অভিযান চলায়। মুখ্যমন্ত্ৰী তদাৰকী কোষৰ উপ-আৰক্ষী অধীক্ষক ৰিপুঞ্জিত কাকতি, পৰিদৰ্শক বিনয় কুমাৰ বৰ্মনৰ নেতৃত্বত অহা চাৰিজনীয়া দলটোৱে বিভাগটোৰ পথ সংমণ্ডল কাৰ্যালয়ৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰীক সোধ-পোছ কৰাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰে।
দলটোৱে কাৰ্য্যবাহী অভিযন্তা অজিত ভূঞা, বৰ্তমান শিৱসাগৰত কৰ্মৰত সহকাৰী অভিযন্তা ভূপেন গগৈ, মৰাণ পথ সংমণ্ডলৰ সহকাৰী অভিযন্তা জয়ন্ত গোঁহাই আৰু ডিব্ৰুগড়ৰ কাৰ্য্যবাহী অভিযন্তা কাৰ্য্যলয়ৰ গাণনিক তিলক কোঁৱৰক জেৰা চলাই দলটোৱে।