newsnextone.com | ডিব্ৰুগড়ঃ পৰিৱৰ্তনৰ শ্ল'গান দিলেও প্ৰকৃততে যে চৰকাৰে পৰিৱৰ্তন কৰিব পৰা নাই সেই কথাৰ প্ৰমাণ পোৱা যায় গাঁও এলেকাৰ ৰাস্তা আৰু বিদ্যুতৰ সঘন লুকা-ভাকুৰ পৰা। বৰষুণে গ্ৰামাঞ্চলত অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বৰষুণ দিলে গ্ৰামাঞ্চলৰ প্ৰায়বোৰ বাট-পথত বোকা-পানীৰে ঘৃননীয় পৰিবেশৰ হয়৷

বহু ভিতৰুৱা জকাইচুকৰ বাট-পথ ইমানেই কদৰ্যময় হৈ পৰে যে যাৰ ফলত একপ্ৰকাৰে যাতায়াত ব্যাহত হয়৷ গ্ৰামাঞ্চলৰ প্ৰায় বাট-পথেই গ্ৰামোন্নয়ণ বিভাগৰ দ্বাৰা এমজি এনৰেগা আচঁনিৰ অধীনত লাখ লাখ টকা ব্যয় কৰি মেৰামতি কিম্বা নতুনকৈ নিৰ্মাণ কৰা হয় যদিও সোয় ফুটুকাৰ ফেনত পৰিণত হয়।

বৰষুণৰ ফলত গাঁৱৰ পথবোৰৰ সৰহসংখ্যাকেই বোকা-পানীৰে বিধ্বস্ত হৈ পৰাত সম্পূৰ্ণৰূপে যাতায়াতৰ অনুপযোগী হৈ পৰা দেখা গৈছে ৷ আনকি অধিকাংশই দৃষ্টিকটুভাবে বাৰিষাৰ ভুঁই ৰুব পৰা পথাৰৰ দৰে হৈ পৰাত গাড়ী-মটৰ বা চাইকেলৰ কথা বাদেই খোজকাঢ়ি যাবলৈও পৰিবেশ নাইকীয়া হয়৷

উপায়হীন হৈ এনেবোৰ বোকাময় বাট-পথেৰেই গঞাই আহ-যাহ কৰিবলগীয়া হোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰিব লগা হয়। বৃহস্পতিবাৰেও  ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। 

মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৰহমৰীয়া আঞ্চলিক সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰহমৰীয়া উপ-শাখা, চুতীয়া ছাত্ৰ সন্থাৰ ৰহমৰীয়া আঞ্চলিক সমিতিয়ে  প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ লগতে নাদুৱা চাইদিং-অকলেণ্ড গড়কাপ্তানী পথ মেৰামতি কৰাৰ দাবী জনায়। হেজেলবেংক থাৰ্মেলত শক্তি মন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তিনি জনগোষ্ঠীয় সংগঠনে চৰকাৰক নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালনৰ দাবী জনায়।

মোকালবাৰীস্থিত হেজেলবেংক থাৰ্মেলত দিনৰ ১১ বজাৰ পৰা দুই ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে  প্ৰতিবাদকাৰী ৰাইজে প্ৰথমে কামাখ্যাবাৰী তিনিআলিৰ পৰা প্ৰায় ১ কিঃ মিঃ পথ পদযাত্ৰা কৰি থাৰ্মেলৰ সন্মুখত শক্তি মন্ত্ৰী মুৰ্দাবাদ, গড়কাপ্তানী মন্ত্ৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী মিছলীয়া, সৰ্বান‌ন্দ সোণোৱাল মিছলীয়া, বিদ্যুৎ বিভাগ হায় হায়, গড়কাপ্তানী বিভাগ হায় হায় শ্ল'গান উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

ৰহমৰীয়াত কেইবামাহ ধৰি বিদ্যুৎ যোগান অনিয়মীয়া হৈ থকাৰ লগতে, গ্ৰাহকৰ বিদ্যুৎ মাচুল অত্যাধিক প্ৰেৰণ কৰা, বাঁহৰ বা কাঠৰ খুঁটাত বিদ্যুৎ তাঁৰ সংযোগ কৰা, বিদ্যুৎ তাঁৰ দুৰ্বল হোৱা আৰু নাদুৱা চাইদিং-অকলেণ্ড গড়কাপ্তানী পথটোৰ লগতে ৰহমৰীয়াৰ উপ-পথসমুহ মেৰামতি-নিৰ্মাণৰ দাবী জনাই শক্তি মন্ত্ৰী তপন কুমাৰ গ‌গৈ আৰু গড়কাপ্তানী মন্ত্ৰী ড০  হিমন্ত বিশ্বশৰ্মাৰ প্ৰতিকৃতি দাহ কৰে। 

প্ৰতিবাদস্থলিত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হৰিকান্ত দুৱৰা, ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি দেবু কোঁৱৰ, ৰহমৰীয়া আঞ্চলিকৰ উপদেষ্টা মনিত গোঁহাই, চাবুৱা আঞ্চলিকৰ সাধাৰণ সম্পাদক কৃষ্ণ গোহাঁই, আটছাৰ অবিভক্ত ডিব্ৰুগড় জিলা শাখাৰ সভাপতি লক্ষিৰাম ৰাজগড়, ভাৰপ্ৰাপ্ত সম্পাদক বিজয় কৈৰী, লাহোৱাল উপ-শাখাৰ প্ৰচাৰ সম্পাদক সন্তোষ গোৱালা, সমাজসেৱক লক্ষিচৰণ ছাৱাচী উপস্থিত থাকে।