newsnextone.com | ডিব্ৰুগড়ঃ পৰিৱৰ্তনৰ শ্ল’গান দিলেও প্ৰকৃততে যে চৰকাৰে পৰিৱৰ্তন কৰিব পৰা নাই সেই কথাৰ প্ৰমাণ পোৱা যায় গাঁও এলেকাৰ ৰাস্তা আৰু বিদ্যুতৰ সঘন লুকা-ভাকুৰ পৰা। বৰষুণে গ্ৰামাঞ্চলত অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বৰষুণ দিলে গ্ৰামাঞ্চলৰ প্ৰায়বোৰ বাট-পথত বোকা-পানীৰে ঘৃননীয় পৰিবেশৰ হয়৷
বহু ভিতৰুৱা জকাইচুকৰ বাট-পথ ইমানেই কদৰ্যময় হৈ পৰে যে যাৰ ফলত একপ্ৰকাৰে যাতায়াত ব্যাহত হয়৷ গ্ৰামাঞ্চলৰ প্ৰায় বাট-পথেই গ্ৰামোন্নয়ণ বিভাগৰ দ্বাৰা এমজি এনৰেগা আচঁনিৰ অধীনত লাখ লাখ টকা ব্যয় কৰি মেৰামতি কিম্বা নতুনকৈ নিৰ্মাণ কৰা হয় যদিও সোয় ফুটুকাৰ ফেনত পৰিণত হয়।