ডিব্ৰুগড়ঃ সোণোৱাল-কছাৰী সাহিত্য সভাৰ সাংগঠনিক দিশ শক্তিশালী কৰা উদ্দেশ্যৰে ডিব্ৰুগড় কছাৰীবাৰীস্থিত সোণোৱাল ভৱনৰ স্বৰ্গীয় গুনাৰাম ঢেকীয়াল প্ৰেক্ষাগৃহত সোণোৱাল কছাৰী সাহিত্য সভাৰ নৱ গঠিত ডিব্ৰুগড় নগৰ সমিতিখন ডিব্ৰুগড় জিলা সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ সোণোৱালৰ সভাপতিত্বত বৃহস্পতিবাৰে ৰাজহুৱা সভা অনুষ্ঠিত হয়।
সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক মিনেশ্বৰ শইকীয়াই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সোণোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক শিৱনাথ সোণোৱাল৷ তেওঁ ভাষণ প্ৰসংগত কয় যে সোণোৱাল জনগোষ্ঠীটো হালালী ৰাজ্যৰপৰা বৰ্তমান পৰ্যায়লৈকে এক সামুহিক দিশৰ ওপৰত বহল ভাৱে আলোকপাত কৰে। সভাত নগৰখনৰ বিভিন্ন প্ৰান্তৰপৰা অহা প্ৰতিনিধিসকলক লৈ ডিব্ৰুগড় নগৰ সমিতিখন গঠন কৰে।
সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি লোকেশ্বৰ হাজৰিকাক সভাপতি আৰু ঠানুৰাম সোণোৱালক সম্পাদক হিচাপে লৈ মুঠ ১১ জনীয়া সমিতিখন গঠন কৰা হয়। সভাত জিলা সমিতিৰ হৈ ধনটি শইকীয়া, কিৰণময় শইকীয়াই উপস্থিত থাকি নিজৰ অভিমত ব্যক্ত কৰে।