ডিব্ৰুগড়ঃ তিনিচুকীয়া বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আস্থানন্দিনী বৰোগোহাঞিৰ ‘যাদুকৰণী হালকাৰা’ নামৰ এখনি অনুবাদ শিশু উপন্যাস বিদ্যালয় প্ৰাংগণত বুধবাৰে শুভ উন্মোচন হয়। হিন্দী সাহিত্যিক নিশা গুপ্তা (নিশা নন্দিনী ভাৰতীয়)ৰ মূল শিশু উপন্যাসখনৰ এই অসমীয়া অনুবাদ গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ‘জে এছ পাব্লিকেশ্যনছ’ৰ প্ৰকাশক প্ৰণৱ হাজৰিকাই।
বিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ত আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে শিক্ষক তথা লেখক আৰু নাট্যকৰ্মী নীলদ্বীপ চক্ৰৱৰ্তীয়ে। গ্ৰন্থখন উন্মোচন কৰে তিনিচুকীয়া বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ গুৰুচৰণ দাসে। অনুষ্ঠানটোত বিদ্যালয়ৰ উপাধ্যক্ষ মেঘনা কাকতি, জ্যেষ্ঠ শিক্ষক তথা সাংস্কৃতিক কৰ্মী জীতামণি বৰদলৈ মহন, শিক্ষক তথা গায়ক আৰু লেখক ৰঞ্জিত মুক্তিয়াৰ, কাৰ্যালয় সহায়ক পৰাগ কুমাৰ গোস্বামী উপস্থিত থাকি আস্থানন্দিনীক প্ৰেৰণা যোগায়।