ডিব্ৰুগড়ঃ ৰংগমঞ্চৰ বিশিষ্ট অভিনেতা, আকাশবাণীৰ বিশিষ্ট শিল্পী প্ৰয়াত তিলক দুৱৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। শুকুৰবাৰে ডিব্ৰুগড় নাট্য মন্দিৰত এক সংবাদ মেল অনুষ্ঠিত কৰি বিশিষ্ট শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কত অৱগত কৰে। তিলক বৰুৱা, গোলাপ শৰ্মা সমিতি ৰক্ষা ন্যাসৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত ডিব্ৰুগড়ৰ সাংস্কৃতিক জগতৰ ইতিহাস দাঙি ধৰাৰ প্ৰয়াস চলোৱা হ’ব বুলি জানিবলৈ দিয়ে সংবাদ মেল যোগে।
১৯১৭ চনতে জন্ম গ্ৰহণ কৰা তিলক দুৱৰাই অসমীয়া চল্লচিত্ৰ জগতখনৰ বাটকটীয়া আছিল। জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘ৰূপালীম’, ‘লভিতা’, ‘শোণিত কুঁৱৰী’, ‘কেঁচাসোণ’, ‘ডঃ বেজবৰুৱা’, ‘ললিতা’, ‘বৰুৱাৰ সংসাৰ’ আদি বহুকেইখন নাটক, চলচিত্ৰৰ সৈতে জড়িত হৈ কাম কৰাৰ লগতে তিলক দুৱৰাই ডিব্ৰুগড় আৰ্ট প্লেয়াৰ্ছৰ হৈ আকাশবাণীৰ নাটক প্ৰযোজনা কৰাৰ উপৰিও এজন প্ৰথম শ্ৰেণীৰ নিয়মীয়া শিল্পী আছিল। ১৯৫৬ চনত ডিব্ৰুগড়ত চিটি বাছ সেৱা আৰম্ভ কৰি ডিব্ৰুগড়ক অসমৰ বাটকটীয়া হিচাপে প্ৰতিষ্ঠা কৰিছিল।