চামগুৰিঃ ড০ পীতাম্বৰ দেৱ গোস্বামীক নতুনকৈ চিনাকী দিয়াৰ প্ৰয়োজন নাই৷ ১৯৫৯ চনৰ ১৪ জুনত ডিব্ৰুগড় জিলাৰ দুলীয়াজনৰ বিজয় মাহামৰা সত্ৰত জন্ম গ্ৰহণ কৰা ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি. অধ্যাত্মিক জ্ঞান, ঐক্য, সংহতি ৰক্ষাৰ বাবে কাম কৰি গৈছে৷
দেৱকান্ত গোস্বামী আৰু সুভদ্ৰা দেৱীৰ সুযোগ্য সন্তান ৯ বছৰ বয়সতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত হেমচন্দ্ৰ দেৱগোস্বামীৰ হাতত অৰ্পণ কৰা হৈছিল। তেওঁ দুলীয়াজানৰ জালান প্ৰাথমিক বিদ্যালয়ত। আউনীআটী সত্ৰৰ আউনীআটী উচ্চ বুনিয়াদী বিদ্যালয়ত মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল।