গুৱাহাটীঃ লোকসভা, বিধান সভাৰ পাছতে পঞ্চায়ত নিৰ্বাচনতৰ ইস্তাহাৰতো মিথ্যাচাৰ আশ্ৰয় লৈ ক্ষমতা দখল কৰাৰ অংকত ব্যস্ত হৈ পৰিছে শাসকীয় দল বি জে পি। শুকুৰবাৰে এক সংবাদ মেল যোগে এই অভিযোগ কৰে দিব্যাংগ সংগঠনসমূহৰ আহ্বায়ক ৰাতুল বৰ্মনে।
দিবাংগসকৰ ধাৰাবাহিক আন্দোলৰ পাছত ২০১৭ চনত কেবিনেটত সিদ্ধান্ত হৈছিল যে দিব্যাংগসকলৰ মাহেকীয়া ভাট্টা ৫০০ ৰপৰা ১০০০ বৃদ্ধি কৰা হ’ব। আৰু ইতিমধ্যে বি জে পিয়ে নিৰ্বাচনৰ ইস্তাহাৰ পত্ৰৰ ( দফা নং২৫)ত দিব্যাংগসকলক প্ৰতি মাহে ১০০০ টকা দিয়াৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে।