59
কোকৰাঝাৰঃ কোকৰাঝাৰৰ এগৰাকী কন্যা জিলিকি উঠিব ৰাষ্ট্ৰীয় পৰ্যায়ত৷ DIDৰ লিটিল মাষ্টাৰ ছিজন-৪ৰ মেগা ৰাউণ্ডৰ বাবে নিৰ্বাচিত হৈছে কোকৰাঝাৰ চহৰৰ হাদানপাৰাৰ নিবাসী বাবুল ব্ৰহ্ম আৰু নিশা ব্ৰহ্মৰ ১১ বছৰীয়া জীয়ৰী গৌৰী ব্ৰহ্মই৷
ডিআইডি লিটিল মাষ্টাৰ নৃত্য প্ৰতিযোগিতাত নিৰ্বাচিত হৈ মুম্বাইত অনুষ্ঠিত হব’লগীয়া ডিআইডি লিটিল মাষ্টাৰ ছিজন ৪ৰ মেগা প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাৰ খবৰে বিটিএডিবাসীক আনন্দিত কৰে৷