বালিপৰাঃ মৃত্যু এক ভিখাৰী৷ জীৱনৰ ভিক্ষা খুজি মৃত্যু ৰৈ থাকে ৰাজপথত, অট্টালিকাৰ চাদত, অথবা কেতিয়াবা মৃত্যু ৰৈ থাকে ৰেল লাইনৰ দীঘল শাৰীত৷ তেনে এক মৃত্যুয়েই সংগোপনে কাঢ়ি লৈ গ’ল থাৰিষ্টাৰ উশাহ খিনি৷ জীৱনক লৈ দেখা অলেখ সপোন নিমিষতে হেৰাই থাকিল ক’ৰবাত৷ মৃত্যুৰ বিভীষিকাই কেৱল দি থৈ গ’ল এমুঠি বিষাদ, এটোপাল চকুলো আৰু অজশ্ৰ সোঁৱৰণী থাৰিষ্টাৰ পৰিয়ালক৷
শোণিতপুৰ জিলাৰ ফুলগুৰিৰ থাৰিষ্টা মমিন নামৰ ১৯ বছৰীয়া যুৱতীগৰাকীয়ে কৰ্মসংস্তাপনৰ আশাত ধাপলি মেলিছিল অসমৰ পৰা সূদূৰ চেন্নাইলৈ৷ কিন্তু মাজবাটতে থমকি ৰয় গ’ল থাৰিষ্টাৰ যাত্ৰা৷ আজি দুপৰীয়া বেংগালুৰুৰ ইনোৰ ৰেলৱে ষ্টেচনত বেংগালুৰু-হাওৰা সম্পৰ্ক্ৰান্তি ৰেলখনৰ পৰা পিছলি পৰি কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল থাৰিষ্টা মমিনে৷