হৰিশিঙাঃ ওদালগুৰি জিলাৰ হৰিশিঙাৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী খৰ্গধৰ ওজাই মঙলবাৰে নিশা ৭২ বছৰ বয়সত মৃত্যুক আকোৱালি লয়৷ বহুদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকা শয্যাগত হৈ আছিল ওজা। ওজাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।
সমাজকৰ্মী খৰ্গধৰ ওজাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ লগতে জড়িত হৈ আছিল৷ হৰিশিঙা শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, শংকৰদেৱ শিশু বিদ্যা নিকেতন, ৰাস উদযাপন সমিতি, হৰিশিঙা ব্যৱসায় সন্থা আদি অনুষ্ঠানৰ সৈতে মৃত্যুৰ আগমুহুৰ্তলৈ জড়িত হৈ আছিল৷