তেজপুৰঃ শোণিতপুৰ জিলাৰ বিহগুৰি আৰক্ষী চকীৰ অন্তৰ্গত বালিখুটি গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ এজন বিবাহিত যুৱকে ধৰ্ষণ কৰে এগৰাকী মূকবধিৰ সম্পৰ্কীয় ভগ্নীক। মূকবধিৰ যুৱতীক ধৰ্ষণ কৰা এই লম্পটজন হৈছে ৩৮ বৰ্ষীয় কৃষ্ণ নাথ।
প্ৰাপ্ত বাতৰি মতে, যোৱা ৩০ জুলাইত দিনৰ ভাগতে ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট কৃষ্ণই যুৱতীগৰাকীক ধৰ্ষণ কৰে। সেই সময়তে ভূক্তভোগী যুৱতীগৰাকীৰ সৰু ভগ্নী ঘৰ আহি পাই উক্ত দৃশ্য প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ লগায়। লগে লগে কৃষ্ণই তাৰ পৰা পলায়ন কৰে। পিছত বায়েকে কান্দিবলৈ ধৰাত ওচৰ-চুবুৰীয়াসকল আহি কৃষ্ণক বিচাৰিবলৈ আৰম্ভ কৰে।