ডিফুঃ বুদ্ধগয়াত থকা বৌদ্ধ সকলৰ ধ্যান কেন্দ্ৰত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা প্ৰায় ১৫ গৰাকীকৈ শিশু ছাত্ৰ যৌন নিৰ্যাতনৰ বলি হোৱা বুলি এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷
কাৰ্বি আংলং জিলা আৰক্ষীৰ এক শীৰ্ষ সূত্ৰে জানিব পৰা মতে, যোৱা ২৯ আগষ্টত কাৰ্বি আংলং জিলাৰ বৰলাংফাৰ থানা এলেকাধীন চাক্ মা বস্তীৰ গাওঁবুঢ়া অৰুণ বিকাশ চাক্ মাই বুদ্ধগয়া আৰক্ষী থানাত তেওঁৰ এলেকাৰ শিশু পুৰুষ শিক্ষাৰ্থী সকলক বৌদ্ধ গয়াৰ প্ৰসন্নজ্যোতি বৌদ্ধিক বিদ্যালয় নামৰ ধ্যানকেন্দ্ৰটোত যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰি বুদ্ধ গয়া থানাত এজাহাৰ দাখিল কৰে ৷