উজ্জ্বল চৌধুৰী, লিডুঃ ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকললৈ বিনামুলীয়া পাঠদানৰ ওপৰত এক নতুন নিৰ্দেশনা জাৰি কৰিছিল৷ য’ত অভিভাৱকৰ বাৰ্ষিক আয় নিম্নতম দুইলাখ হোৱাৰ কথা উল্লেখ কৰাৰ লগতে মহাবিদ্যালয়ত ৭৫ শতাংশ ওপৰত উপস্থিত থকাটো বাঞ্চনীয় বুলি জাৰি কৰিছিল৷

কিন্তু চৰকাৰৰ এই নিৰ্দেশনাৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে ছাত্ৰ সমাজ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে৷ 

সোমবাৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে৷ চৰকাৰে দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিনামুলীয়া পাঠদানৰ ওপৰত যি নিৰ্দেশনা জাৰি কৰিলে তাক বিদ্যালয়খনৰ ছাত্ৰ সমাজে প্ৰথমে নস্যাৎ কৰিছে৷ 

মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজৰ স্পষ্ট মত চৰকাৰৰ এই নীতি কেতিয়াও গ্ৰহনযোগ্য হ’ব নোৱাৰে৷ আজি মহাবিদ্যালয়খনৰ প্ৰায় দুই শতাধিক ছাত্ৰ -ছাত্ৰীয়ে বিদ্যালয়ৰ পাঠদান এৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে৷ 

ছাত্ৰ সমাজৰ এটাই মত চৰকাৰে জাৰি কৰা নিৰ্দেশনা শীঘ্ৰেই বাতিল কৰক৷ চৰকাৰৰ এনে সিদ্ধান্তই ছাত্ৰ সমাজৰ গুৰুত্বপূৰ্ণ স্বাৰ্থক ব্যাঘাত জন্মাব বুলি উল্লেখ কৰি চৰকাৰক ইয়াৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে৷