কাকপথাৰঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বিভিন্ন সভা-সমিতিয়ে সেউজ অসম গঢ়াৰ কথা কয় যদিও প্ৰকৃতাৰ্থত সেয়া হৈ উঠিছে নে? অসমৰ বনজ সম্পদ বন বিভাগৰ বিষয়া-কৰ্মীৰ হাতত সুৰক্ষিত নে? বন বিভাগৰ এচাম দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীৰ অদূৰদৰ্শিতাৰ বাবে ৰাজ্যৰ বনাঞ্চলসমূহ ধ্বংস কৰাৰ ফলত মুকলি পথাৰত পৰিণত হোৱাত এনেবোৰ প্ৰশ্ন উত্থাপন হৈছে।
যি সময়ত উচ্চতম ন্যায়ালয়ে গছ কটাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে সেই সময়তে তিনিচুকীয়া জিলাৰ ডিগবৈ বনাঞ্চলৰ আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট ৱেষ্ট ব্লকত ডিগবৈ বন সংমণ্ডলৰ বিষয়া বিপুল বড়াৰ লগতে এচাম বন বিষয়া-কৰ্মচাৰীৰ সহযোগত একাংশ অসাধু লোকে প্ৰায় দুমাহৰ ভিতৰত বনাঞ্চলৰ মূল্যৱান গছসমূহ কাটি নিশাৰ ভিতৰতে বনাঞ্চলৰ পৰা নি অন্য ঠাইত মজুত কৰাৰ খবৰ ৰাইজে পোহৰলৈ আনিছে।