লিডুঃ ডিগবৈত যোৱা নিশা সংঘটিত হয় এক চাঞ্চ্যলকৰ ঘটনা৷ চলন্ত ৰে’লৰপৰা কোনো অচিনাক্ত দুৰ্বৃত্তই এজন লোকক গতিয়াই দিয়াৰ ফলত লোকজন গুৰুত্বভাৱে আঘাত প্ৰাপ্ত হয়৷ 

নিশা ডিগবৈৰ উল্টাপুলত সংঘটিত হয় এই ঘটনা৷ পুৱা লোকজনক টিংৰাই টাই আহোম যুৱ পৰিষদৰ সভাপতি ধ্ৰুৱ চাংমায়ে পথত পৰি থকা দেখা পাই উদ্ধাৰ কৰি আৰক্ষীৰ সহযোগত ডিগবৈ অসামৰিক চিকিৎসালয় ভৰ্তি কৰে৷ গুৰুতৰভাৱে আহত লোকজনৰ নাম কেশৱ ছেত্ৰী বুলি জানিবলৈ দিছে যদিও সম্পূৰ্ন ঠিকনা আৰু ঘটনাৰ ৰহস্য জানিবলৈ এতিয়ালৈকে সক্ষম হোৱা নায়৷