Home ৰাজ্যডিগবৈত মুৰ্তি বিসৰ্জন দিবলৈ গৈ পুখুৰীত এজন যুৱকৰ সলিল সমাধি

ডিগবৈত মুৰ্তি বিসৰ্জন দিবলৈ গৈ পুখুৰীত এজন যুৱকৰ সলিল সমাধি

by News Desk
69 views
A+A-
Reset

ডিজিটেল ডেক্স, লিডু: বিজয়া দশমীৰ উল্লাস উদ্দিপনাৰ মাজতে তিনিচুকীয়া জিলাৰ ডিগবৈত সংঘটিত হয় এক ভয়ঙ্কৰ ঘটনা ৷ পুখুৰীত দেৱী বিসৰ্জন দিবলৈ গৈ সলিল সমাধি ঘটে সঞ্জয় বৈদ্য নামৰ এজন যুৱকৰ ৷
ডিগবৈৰ কালিবাৰী পূজা কমিটিৰ হৈ দেৱী বিসৰ্জন দিবলৈ গৈছিল যুৱকজন। দেৱীমাৰ প্ৰতিমুৰ্তী পানীত বিসৰ্জন দিবলৈ বুলি নামোতেই হঠাৎ সন্ধানহীন হৈ পৰে যুৱকজন ৷ ৰাইজৰ মাজত সৃষ্টি হয় চিঞৰ বাখৰ ৷ পৰিৱেশ ক্ৰমশ উত্তপ্ত হৈ পৰে ৷ যুৱক জনক বিছাৰি ৰাইজে বিসৰ্জনস্থলীত বুৰমাৰি সন্ধানৰ চেষ্টা চলাই যদিওঁ যুৱকজনৰ কোনো সম্ভেদ নোলোৱাত প্ৰশাসনক খবৰ দিয়া হয় ৷
স্থানীয় আই অ চিৰ প্ৰশাসনৰ চেফটিৰ বাবে ৰখা দুবাৰু সকলে যুৱকজনৰ সন্ধানৰ বাবে ঘটনাস্থলীলৈ গৈ বহু সময় ধৰি চেষ্টা চলাই যদিওঁ কোনো সম্ভেদ লাভ নকৰাত উত্তেজিত ৰাইজে খঙত দুবাৰু সকলকে অপদস্থ কৰে ৷ ।উত্তপ্ত ৰাইজে বহুত সময় ধৰি যুৱক জনক সন্ধান নোলোৱাত আই অ চি ৰ প্ৰশাসনে ৰখা দুবাৰুৱ সকলৰ নাওঁ পুখুৰীত বগৰাই পেলাই কৰ্মৰত দুবাৰো সকলক মাৰ ধৰ কৰিবলৈ ধৰে। ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷
আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে লাঠী চার্জ কৰিব লগা হয় ৷ পাছত তিনিচুকীয়াৰ পৰা অতিৰিক্ত আৰক্ষী বিষয়াই লগত অনা ( কানো দাস) নামৰ এজন পাকৈত দুবাৰুৱে প্ৰায় ২০ তলৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
প্ৰশাসনে ততালিকৈ ঘটনা সংঘটিত হোৱা সেই পুখুৰিটোত বিসৰ্জন দিয়াটো বন্ধ কৰি দিয়ে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0