নলবাৰীঃ এগৰাকী সমাজকৰ্মী, জ্যেষ্ঠ অধিবক্তাই আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰী জিলাত৷ নলবাৰী সদৰ থানাৰ অন্তৰ্গত দক্ষিণ প্ৰান্তৰ জাপাৰকুছিৰ নিবাসী সমাজকৰ্মী তথা জ্যেষ্ঠ অধিবক্তা দ্বীজেন শৰ্মাই বিষপান কৰি আজি আত্মহত্যা কৰে৷
মঙলবাৰে গুৱাহাটীৰ ভাড়া ঘৰৰ পৰা শিক্ষয়িত্ৰী পত্নীৰ সৈতে নলবাৰী ঘৰলৈ আহিছিল অধিবক্তা শৰ্মাই৷ ঘৰলৈ অহাৰ কিছু সময় পিছতে বিষপান কৰে৷ন তাততৈয়াকৈ পৰিয়ালৰ লোকে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰাত তাত নি ভৰ্তি কৰোৱাৰ কিছু সময়ৰ পিছতে মৃত্যু হোৱাৰ হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।