ডিব্ৰুগড়ঃ অহা ২৯ আৰু ৩০ এপ্ৰিলত ডিব্ৰুগড় জিলাৰ ডিকমত অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহু অনুষ্ঠিত হ’ব৷ ২৮ সংখ্যক ডিকম ৰঙালী বিহু সমাৰোহ বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে ডিকম ৰঙালী বিহু সমাৰোহৰ উদযাপন সমিতিৰ সভাপতি যতীন দও আৰু সম্পাদক চফি অালম খানে৷
দেওবাৰে পুৱা পতাকা উওোলন, শ্বহীদ তৰ্পণ, চিত্রাংকন, বিহুনাম, একক বিহুনৃত্য, বিহুৱতী প্ৰতিযোগিতা অাৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব৷ সোমবাৰে গছ তলৰ বিহু, ঝমুৰ, হুচৰি প্ৰতিযোগিতা অাৰু অাবেলি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব৷