ডিব্ৰুগড়ঃ সমগ্ৰ দেশৰে লগতে আমাৰ ৰাজ্যখনতো নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ ঘটনা৷ ঘৰৰ পৰা ওলালেই এতিয়া নাৰীয়ে সুৰক্ষিাক লৈ চিন্তিত হ’ব লগা হয়৷ মহিলা-যুৱতী কন্যা শিশু প্ৰতিদিনে ধৰ্ষণ, যৌন নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷ নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক নাৰী পদে পদে ধৰ্ষণ, যৌন নিৰ্যাতন হ’ব লগা হৈছে৷
যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে অসমত৷ অসমত কেইবাটাও লজ্জাজনক ঘটনা সংঘটিত হৈছে৷ উজনি-নামনি-বৰাক উপত্যকাত কেইবাটাও ঘটনা সংঘটিত হোৱাৰ সময়তে এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণ কাণ্ড৷ এগৰাকী কিশোৰীক সাংস্কৃতিক উৎসৱ উপভোগ কৰিব যোৱাৰ সময়তে ৫ গৰাকী লোকৰ কামনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷