ডিব্ৰুগড়ঃ দৰিদ্ৰ পৰিয়ালৰ সন্তান তেওঁ৷ পিতৃয়ে দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দিয়ে৷ পুৱাই ঘৰৰ পৰা ওলাই গৈ শ্ৰম কৰি উপাৰ্জন কৰা টকা কেইটাৰে সুখ-দুখে ঘৰখন চলাই পিতৃয়ে৷ কিন্তু ঘৰ খনত যেন কাৰোবাৰ নজৰ হে লাগিল৷
কিয়নো কালিলৈকে পুৱাই ঘৰৰ পৰা কলেজলৈ ওলাই যোৱা তেওঁলোকৰ কন্যাগৰাকী এতিয়া বিছনাৰ সংগী৷ বিছনাত শুই-বহি সময় পাৰ কৰিছে দৰিদ্ৰ পৰিয়ালৰ সন্তানগৰাকীয়ে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ দৰিদ্ৰ পৰিয়ালৰ সন্তানগৰাকীয়ে বিছনাত দিন পাৰ কৰিব লগা হৈছে৷