ৰঙিয়াঃ প্ৰায় তিনি দশক ধৰি ৰঙিয়াৰ ক্ৰীড়াৰ ক্ষেত্ৰত একনায়কত্ববাদ চলাই অহা ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সম্পাদক দিলীপ চৌধুৰীৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অৱশেষত দেওবাৰে ৰঙিয়াৰ বিভিন্ন দল সংগঠনৰ লগতে ক্ৰীড়া প্ৰেমী তথা ৰাইজ ওলাই আহি অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে৷
দিলীপ চৌধুৰীক অনতিপলমে ক্ৰীড়া সন্থাৰপৰা অপসাৰণৰ লগতে তেওঁৰ বিগত কাৰ্যকালত সংঘটিত বিভিন্ন দুৰ্নীতিৰ তদন্তৰ দাবীত কালি ৰাইজে জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত পুৱা ৯ বজাৰপৰা অৱস্থান ধৰ্মঘটত বহে৷