হস্ত-নিৰ্মিত বন্দুকসহ যুৱকক আটক আৰক্ষীৰ

 | by NNO Correspondent  |  0
Printer-friendly version

খেৰণিঃ ডিমা হাছাওৰ ৰাজাওদিছাত হস্ত-নিৰ্মিত পিষ্টলসহ এজন যুৱকক আটক। ৰাজাওদিছাত নিশা চলি থকা কালি পূজা সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানত সন্দেহজনকভাৱে ঘূৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে যুৱকজনক। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে যুৱক জনক আটক কৰি তালাচী কৰাত উদ্ধাৰ হয় এটা হস্ত-নিৰ্মিত পিষ্টল।

ইতিমধ্যে, আৰক্ষীয়ে যুৱকজনক কাৰ্বি আংলঙৰ লামচাখাং বজাৰৰ মনোজ সিংহা (১৯) বুলি চিনাক্ত কৰিছে। উল্লেখযোগ্য যে, ডিমা হাছাওৰ দিয়ুংব্ৰাৰ দিয়ুংমুখ থানা অন্তৰ্গত ৰাজওদিছাত পিষ্টলসহ মনোজ সিংহাক আটক কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তালাচী অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷