ৰবাৰ্টচন তাতী, ডিমাকুছিঃ ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত অসম-ভূটান সীমান্ত খৈৰানী (১ নং ভলাটাৰ) গাঁৱত শুকুৰবাৰে বন্যহস্তীৰ আক্ৰমণত আকৌ এজনী মহিলা লোকৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে৷
জানিব পৰা মতে কালি পুৱা খাদ্যৰ সন্ধানত জনাঞ্চলত থকা বন্যহস্তীয়ে টেনজিং বডছা নামৰ বিখ্যাত চাহ খেতিয়কৰ Elephant Friendly চাহ খেতিত কাম কৰিবলৈ অহা ছিতাই প্ৰজা (৬০) বৃদ্ধ মহিলাগৰাকীক বন্যহস্তীয়ে গচকি হত্যা কৰে৷
এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে এটি প্ৰশ্ন আনিছে ৰাইজৰ আগত। কেনেকৈ এখন Elephant Friendly বাগিছাখনত হাতীয়ে হত্যা কৰিবলৈ সক্ষম হ'ল পিছত ঘটনাস্থলীত ডিমাকুছি আৰক্ষী, বনবিভাগ উপস্থিত হৈ কৈ যে বন্যহস্তীৰ অঞ্চলত চাহ খেতি কৰিলেই যে Elephant Friendly হ’ব নোৱাৰে।
লোকক শান্ত কৰি মৃতদেহ মৰনোত্তৰ পৰীক্ষা কৰিবলৈ ওদালগুৰিলৈ প্ৰেৰণ কৰে৷ আনহাতে, একেদিনাই শুকুৰবাৰে পুৱতি নিশা আটেৰিখাটৰ ধৰমজুলি চাহ বাগিছাত নিহত হোৱা আৰু এটি ঘটনাই সমগ্ৰ ডিমাকুছি-আটেৰিখাটত শোকৰ ছাঁ আনিছে।