49
ডিজিটেল ৰিপ’ৰ্টঃ নেৰানেপেৰা বৰষুণৰ ফলত অসম আৰু অৰুণাচলৰ লগতে নাগালেণ্ডতো ব্যাপক ক্ষয়-ক্ষতিৰ বাতৰি আহিছে। শেহতীয়া বাতৰি অনুযায়ী চুুবুৰীয়া ৰাজ্যখনৰ কেবাখনো নৈ ফেনে-ফোটোকাৰে ওফন্দি উঠিছে।
ইয়াৰ মাজতে ৰাজ্যখনৰ বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিমাপুৰৰ সমীপত আজি এক শোকাৱহ ঘটনা সংঘটিত হয়। এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱাই ৪জনকৈ লোকে।