Home ৰাজ্যডিমৰীয়া জিলা জনজাতি সংঘ আৰু ডিমৰীয়াৰ সকলো জাতীয় সংগঠনৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত

ডিমৰীয়া জিলা জনজাতি সংঘ আৰু ডিমৰীয়াৰ সকলো জাতীয় সংগঠনৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত

by News Desk
A+A-
Reset
f39b453b-c37e-476c-966f-8af2fa9c1e14

newsnextone.com| ডিমৰীয়াঃ ডিমৰীয়া জিলা জনজাতি সংঘৰ মুখ্য কাৰ্যালয়ত ১৯ ছেপ্টেম্বৰ তাৰিখে ডিমৰীয়া জিলা জনজাতি সংঘৰ উদ্যোগত ডিমৰীয়া অঞ্চলৰ সকলো জাতীয় সংগঠন, সচেতন ব্যক্তি সকলৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। অসম চৰকাৰে কামৰূপ(ম), কামৰূপ (গ্ৰাম্য), মৰিগাঁও, দৰং আৰু নলবাৰী এই পাঁচখন জিলাক সামৰি ৰাজধানী ক্ষেত্ৰত সম্প্ৰসাৰণ কৰিবৰ বাবে “অসম ৰাজ্যিক ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ ২০১৭” নামেৰে এখন বিধায়ক উত্থাপন কৰি ২০১৭ চনৰ ৩০ অক্টোবৰ তাৰিখে এখন ৰাজপত্ৰ প্ৰকাশ কৰে। অসম চৰকাৰে এই ৰাজপত্ৰ খন প্ৰকাশ কৰাৰ পিছতে জিলা পাঁচখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই বিধেয়কখনৰ ওপৰত আজি ডিমৰীয়াৰ সচেতন মহলে এক সভাৰ আহ্বান কৰি, বিধেয়কখনৰ যোগেদি সাধাৰণ জনতাৰ হ’ব পৰা ক্ষয় ক্ষতিৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰে।

ডিমৰীয়া জিলা জনজাতি সংঘৰ বিষয়ববীয়া সকলে এই বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই পাঁচ খন জিলাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনত থকা ভূমিত উন্নয়ন প্ৰাধীকৰণক এৰিদিয়া মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভাঙিদিয়া একে কথা। এই কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে। এই বিধেয়কৰ জৰিয়তে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব এইয়া নিশ্চিত। ৰাজধানী স্থাপনৰ নামত ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভাঙিব দি যি ভুল কৰা হ’ল এই ভুল আৰু দ্বিতীয়বাৰ কৰা নহ’ব। চৰকাৰে এতিয়া ভূ-মাফিয়াৰ কাম কৰিবলৈ লৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0