newsnextone.com| ডিমৰীয়াঃ ডিমৰীয়া জিলা জনজাতি সংঘৰ মুখ্য কাৰ্যালয়ত ১৯ ছেপ্টেম্বৰ তাৰিখে ডিমৰীয়া জিলা জনজাতি সংঘৰ উদ্যোগত ডিমৰীয়া অঞ্চলৰ সকলো জাতীয় সংগঠন, সচেতন ব্যক্তি সকলৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। অসম চৰকাৰে কামৰূপ(ম), কামৰূপ (গ্ৰাম্য), মৰিগাঁও, দৰং আৰু নলবাৰী এই পাঁচখন জিলাক সামৰি ৰাজধানী ক্ষেত্ৰত সম্প্ৰসাৰণ কৰিবৰ বাবে "অসম ৰাজ্যিক ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ ২০১৭" নামেৰে এখন বিধায়ক উত্থাপন কৰি ২০১৭ চনৰ ৩০ অক্টোবৰ তাৰিখে এখন ৰাজপত্ৰ প্ৰকাশ কৰে। অসম চৰকাৰে এই ৰাজপত্ৰ খন প্ৰকাশ কৰাৰ পিছতে জিলা পাঁচখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই বিধেয়কখনৰ ওপৰত আজি ডিমৰীয়াৰ সচেতন মহলে এক সভাৰ আহ্বান কৰি, বিধেয়কখনৰ যোগেদি সাধাৰণ জনতাৰ হ'ব পৰা ক্ষয় ক্ষতিৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰে।

ডিমৰীয়া জিলা জনজাতি সংঘৰ বিষয়ববীয়া সকলে এই বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই পাঁচ খন জিলাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনত থকা ভূমিত উন্নয়ন প্ৰাধীকৰণক এৰিদিয়া মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভাঙিদিয়া একে কথা। এই কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে। এই বিধেয়কৰ জৰিয়তে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব এইয়া নিশ্চিত। ৰাজধানী স্থাপনৰ নামত ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভাঙিব দি যি ভুল কৰা হ'ল এই ভুল আৰু দ্বিতীয়বাৰ কৰা নহ’ব। চৰকাৰে এতিয়া ভূ-মাফিয়াৰ কাম কৰিবলৈ লৈছে। 

গুৱাহাটী মহানগৰীৰ ভিতৰতে আৰু বহুত উন্নয়ন হব বাকী আছে চৰকাৰে সেইবোৰত গুৰুত্ব দিয়ক। মহানগৰ সম্প্ৰসাৰণ নকৰাকৈও এই পাঁচখন জিলাৰ উন্নয়ন কৰিব পৰা যাব। চৰকাৰে সপোন বহুত দেখুৱালে জনতাৰ এতিয়া সপোন চাবলৈ মন নাই চৰকাৰে দেখুৱা সপোন বোৰ বাস্তৱত ৰূপায়িত কৰক। মহানগৰ সম্প্ৰসাৰণৰ আলমলৈ খিলঞ্জীয়াৰ ভূমি পুজিপতিক হস্তান্তৰ কৰাৰ চক্ৰান্তক কেতিয়াওঁ গ্ৰহণ কৰা নহ’ব।

চৰকাৰৰ এই খিলঞ্জীয়া বিৰোধী বিধেয়কৰ বিৰুদ্ধে আহা কাইলৈ দিনৰ ১১ বজাৰ পৰা ডিমৰীয়া জিলা জনজাতি সংঘ, কাৰ্বি ছাত্র সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা (কামৰূপ), আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্র সন্থা, (ডিমৰীয়া), অসম চাহ জনজাতি ছাত্র সন্থা(ডিমৰীয়া), বড়ো কছাৰী যুৱ ছাত্র সন্থা,
অসম সংগ্ৰামী যুৱ ছাত্র সন্থা, ডিমৰীয়া ব্লক কংগ্ৰেছ কমিটি, দিশপুৰ সমষ্টি যুৱ কংগ্ৰেছ সমিতি, নিখিল ভাৰত কৃষি সভা(ডিমৰীয়া), ভাৰতীয় কমিনিষ্ট পাৰ্টি, ৰাভা জাতীয় পৰিষদ ( ডিমৰীয়া) ,কপালকটা  মছজিদ পৰিচালনা সমিতি কে আদি কৰি ডিমৰীয়া অঞ্চলৰ কেইবাটাও জাতীয় সংগঠনৰ সহযোগত সোণাপুৰত চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ২ঘণ্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰিব। চৰকাৰে এই জন বিৰোধী বিধেয়কখন বাতিল নকৰিলে আগন্তুক দিনত জংগি আন্দোলন গঢ়ি তোলা হব বুলি কয়।