ডিব্ৰুগড়ঃ ৰহস্যময়ী ডিম্পী নেওগ হত্যাকাণ্ডৰ ন ন তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় আৰক্ষীয়ে। কালি ৭ দিনৰ বাবে আদালতে হত্যাকাৰী দিব্যজ্যোতি বৰুৱাক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত ওৰে নিশা জেৰা চলাই আৰক্ষীয়ে।
আৰক্ষীৰ জেৰাত হত্যাকাৰী দিব্য জ্যোতিয়ে গাড়ীৰ ভিতৰত ডিম্পীক হত্যা কৰি ক’ত তেজৰ চেকুৰা লগা গাড়ীৰ ক’ভাৰ পেলাই থৈ গৈছিল, ক’ত গাড়ী ধুইছিল সেই কথাও স্বীকাৰ কৰে। ফলত দিব্যজ্যোতিৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি পুৱাই ডিব্ৰুগড় আৰক্ষীয়ে চহৰখনৰ লাচিত নগৰত উদ্ধাৰ কৰে হত্যাকাৰীয়ে ব্যবহাৰ কৰা গাড়ীখনৰ ছীটৰ ক’ভাৰ।