newsnextone.com | গুৱাহাটীঃ অৱশেষত মুকলি কৰি দিলে আলফাই (স্বাধীন) অপহৰণ কৰা দীননাথ উপাধ্যায় নামৰ ফানেং চাহ বাগিচাৰ মহৰীজনক৷ সোমবাৰে নিশা অৰুণাচলৰ চাংলাং জিলাৰ নামপুঙৰ লুংৰি বস্তিত অপহৃত দীননাথ উপাধ্যায় ওৰফে গোপালক মুকলি কৰি দিয়াৰ পিছতে স্বস্তিৰ নিশ্বাস এৰে পৰিয়াল আৰু প্ৰশাসনে৷ 

উল্লেখ্য যে, যোৱা ৮ জুনত জাগুনৰ পৰা অপহৃত হৈছিল ফানেং চাহ বাগিচাখনৰ মহৰী হিচাপে কৰ্মৰত দীননাথ উপাধ্যায় ওৰফে গোপালক৷ ইয়াৰ পিছতে অপহৰণৰ কাণ্ডৰ বিষয়ে স্বীকাৰ কৰে আলফা স্বাধীনে৷ কি কাৰণে এগৰাকী সামান্য মহৰীক আলফাই অপহৰণ কৰিলে সেয়া নিশ্চিত নহলেও দীননাথৰ অপহৰণৰ পিছতে উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰে আৰক্ষী প্ৰশাসন৷

অৱশেষত অপহৰণ কাণ্ডৰ ১৭ দিন পিছত আলফাই মুকলি কৰি দিয়ে দীননাথক৷ মুক্ত হৈ দীননাথে জানিবলৈ দিয়া মতে ম্যানমাৰস্থিত আলফাৰ শিবিৰত তেওঁক পণবন্দী হিচাপে ৰখা হৈছিল৷ 

ইফালে, আলফাৰ হাতৰ পৰা মুক্ত হোৱা দীননাথ উপাধ্যায়ৰ মুক্তি লাভৰ পিছতে তেওঁৰ খবৰ লবলৈ জাগুনৰ ৩ নং উদয়পুৰৰ বাসগৃহত উপস্থিত হয় মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ফানেং চাহ বাগিচাৰ স্বত্বাধিকাৰী ৰাধা চেতিয়া৷ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি বিধায়ক আৰু ৰাধা চেতিয়াই দীননাথ উপাধ্যায়ৰ মুক্তিত সুখ প্ৰকাশ কৰে৷