newsnextone.com | গুৱাহাটীঃ অৱশেষত মুকলি কৰি দিলে আলফাই (স্বাধীন) অপহৰণ কৰা দীননাথ উপাধ্যায় নামৰ ফানেং চাহ বাগিচাৰ মহৰীজনক৷ সোমবাৰে নিশা অৰুণাচলৰ চাংলাং জিলাৰ নামপুঙৰ লুংৰি বস্তিত অপহৃত দীননাথ উপাধ্যায় ওৰফে গোপালক মুকলি কৰি দিয়াৰ পিছতে স্বস্তিৰ নিশ্বাস এৰে পৰিয়াল আৰু প্ৰশাসনে৷
উল্লেখ্য যে, যোৱা ৮ জুনত জাগুনৰ পৰা অপহৃত হৈছিল ফানেং চাহ বাগিচাখনৰ মহৰী হিচাপে কৰ্মৰত দীননাথ উপাধ্যায় ওৰফে গোপালক৷ ইয়াৰ পিছতে অপহৰণৰ কাণ্ডৰ বিষয়ে স্বীকাৰ কৰে আলফা স্বাধীনে৷ কি কাৰণে এগৰাকী সামান্য মহৰীক আলফাই অপহৰণ কৰিলে সেয়া নিশ্চিত নহলেও দীননাথৰ অপহৰণৰ পিছতে উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰে আৰক্ষী প্ৰশাসন৷