Home ৰাজ্যকোকিলকণ্ঠীৰ বিষয়ত সুধাকণ্ঠৰ কি আছিল অনুভৱ…?

কোকিলকণ্ঠীৰ বিষয়ত সুধাকণ্ঠৰ কি আছিল অনুভৱ…?

by News Desk
83 views
A+A-
Reset

তাৰ পাছত দীপালী অসমীয়া সঙ্গীতত, বনগীতসুৰীয়া গীতত একচ্ছত্ৰী ৰাণী হৈ উঠিল৷ দীপালীৰ ককায়েক শ্ৰীভবেন বৰঠাকুৰেও ভগ্নীৰ কণ্ঠৰ উপযোগীকৈ অতি সুন্দৰ গীত ৰচিলে – অতি সুন্দৰ সুৰ দিলে৷

…তাৰ পাছত হঠাৎ এদিন শুনিলোঁ, দীপালীৰ কণ্ঠ ৰুদ্ধ হ’ল৷ মোৰ এতিয়াও মনত আছে৷ চন তাৰিখ পাহৰিলোঁ – দৰং কলেজৰ কিবা এটি উৎসৱত মই গীত গাব লাগে৷ ‘জ্যোতিপ্ৰসাদ আৰু জয়মতী’ নামৰ তথ্যচিত্ৰখনৰ শ্বুটিং কৰি উভতিছোঁ ড° ৰবীন গোস্বামীৰ ঘৰলৈ৷ তেওঁ ক’লে, ‘দীপালীৰ কণ্ঠ অঞ্চলৰপৰা মস্তিষ্কলৈ যোৱা ৰগ নে শিৰসমূহৰ কিবা অসুখ হৈছে…মোৰ মনটো বেয়া লাগি গ’ল৷ ডাক্তৰক সুধিলোঁ – দীপালীয়ে গীত গাব পাৰিব নে নোৱাৰে? তেওঁ ক’লে – নোৱাৰিবও পাৰে, যি অসুখ হোৱা বুলি শুনিছোঁ, সেইটো যদি সঁচা হয়৷ সঁচাকৈয়ে তেতিয়াও নাজানো দীপালীয়ে গান গাব পাৰিবনে, নোৱাৰে৷ কেইদিনমান আগতে মই লিখা গীতটো আছিল ‘শীতৰে সেমেকা ৰাতি’৷ তাত খেতিয়কৰ তুঁহজুইৰ, দিন-মজুৰৰ, সংখ্যালঘু আদিৰ সমস্যাৰ কথা লিখি থৈছিলোঁ৷ পাচত যেতিয়া দীপালীৰ কণ্ঠ ৰুদ্ধ হোৱাৰ কথা শুনিলোঁ, তেতিয়া অকল দীপালীৰ কথাকে ভাবি (কাকো একো নকৈ) লিখিছিলোঁ তলৰ কেইশাৰী কথা৷ গানটোত গায়িকা বুলি নকৈ গায়ক বুলিহে লিখিছিলোঁ এনেদৰে –

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0