১৯৬০ চনত ভাষা আন্দোলনৰ সময়ত শান্তিৰ বাবে মই আৰু হেমাঙ্গ বিশ্বাস যেতিয়া গুৱাহাটীলৈ যাওঁ, তেতিয়া কটন কলেজত পঢ়ি থকা দীপালীক মই লগ ধৰি আমাৰ সভাত গীত গাবলৈ অনুৰোধ কৰোঁ৷ সেই নিশা দীপালীৰ গীত শুনি এনে ভাব হ’ল যেন – অসমৰ স্বকীয় সৌন্দৰ্য থকা, উচ্চাৰণৰ শুদ্ধতা থকা, পৰিৱেশনাত মাৰ্জ্জিত ৰুচি থকা এই ছোৱালীগৰাকী অতুলনীয়৷…
তাৰ পাছত দীপালী অসমীয়া সঙ্গীতত, বনগীতসুৰীয়া গীতত একচ্ছত্ৰী ৰাণী হৈ উঠিল৷ দীপালীৰ ককায়েক শ্ৰীভবেন বৰঠাকুৰেও ভগ্নীৰ কণ্ঠৰ উপযোগীকৈ অতি সুন্দৰ গীত ৰচিলে – অতি সুন্দৰ সুৰ দিলে৷
…তাৰ পাছত হঠাৎ এদিন শুনিলোঁ, দীপালীৰ কণ্ঠ ৰুদ্ধ হ’ল৷ মোৰ এতিয়াও মনত আছে৷ চন তাৰিখ পাহৰিলোঁ – দৰং কলেজৰ কিবা এটি উৎসৱত মই গীত গাব লাগে৷ ‘জ্যোতিপ্ৰসাদ আৰু জয়মতী’ নামৰ তথ্যচিত্ৰখনৰ শ্বুটিং কৰি উভতিছোঁ ড° ৰবীন গোস্বামীৰ ঘৰলৈ৷ তেওঁ ক’লে, ‘দীপালীৰ কণ্ঠ অঞ্চলৰপৰা মস্তিষ্কলৈ যোৱা ৰগ নে শিৰসমূহৰ কিবা অসুখ হৈছে…মোৰ মনটো বেয়া লাগি গ’ল৷ ডাক্তৰক সুধিলোঁ – দীপালীয়ে গীত গাব পাৰিব নে নোৱাৰে? তেওঁ ক’লে – নোৱাৰিবও পাৰে, যি অসুখ হোৱা বুলি শুনিছোঁ, সেইটো যদি সঁচা হয়৷ সঁচাকৈয়ে তেতিয়াও নাজানো দীপালীয়ে গান গাব পাৰিবনে, নোৱাৰে৷ কেইদিনমান আগতে মই লিখা গীতটো আছিল ‘শীতৰে সেমেকা ৰাতি’৷ তাত খেতিয়কৰ তুঁহজুইৰ, দিন-মজুৰৰ, সংখ্যালঘু আদিৰ সমস্যাৰ কথা লিখি থৈছিলোঁ৷ পাচত যেতিয়া দীপালীৰ কণ্ঠ ৰুদ্ধ হোৱাৰ কথা শুনিলোঁ, তেতিয়া অকল দীপালীৰ কথাকে ভাবি (কাকো একো নকৈ) লিখিছিলোঁ তলৰ কেইশাৰী কথা৷ গানটোত গায়িকা বুলি নকৈ গায়ক বুলিহে লিখিছিলোঁ এনেদৰে –