57
গুৱাহাটীঃ অসমবাসীক কন্দুৱাই শনিবাৰে আকাশৰ তৰা হৈ পৰা কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ পঞ্চভূতত বিলীন হৈ গ’ল।
মাত্ৰ কেইটামান কলজয়ী গীতেৰে অসমীয়াক মন্ত্ৰমুগ্ধ কৰি ৰখা দীপালী বাইদেৱে ভৰা যৌৱনতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অকলতে কণ্ঠস্বৰ হেৰুওৱাই নহয়, তেওঁ সমগ্ৰ জীৱন শয্যাশয়ী হৈ থাকিবলগীয়া হৈছিল। পতি তথা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ অপাৰ পৰিচৰ্যাত তেওঁ জীয়াই থাকিল ৭৭টা বসন্ত।