ডিফুঃ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত জনগোষ্ঠীয় অধিকাৰ অক্ষুণ্ণ ৰখাৰ আহ্বান জনাই আজি কাৰ্বি আংলং জিলাৰ ডিফুত ২৪ টাকৈ সংগঠনে উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্বিং আংলং স্বায়ত্বশাসিত পৰিষদখনত বৰ্তমান এজনো জনতাৰ প্ৰতিনিধি নথকা বুলি তীব্ৰ ক্ষোভ উজাৰি সংগঠনকেইটাই জিলাখনত সাংবিধানিক নীতি-নিয়ম একপ্ৰকাৰ ধোৱাচাঙত উঠা বুলি সংবাদমাধ্যমৰ আগত জনায়।
চৰকাৰে গা এৰা দিয়াধৰণৰ মনোভাৱ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়া সংগঠনকেইটাই পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে নতুনকৈ ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ বাবে দাবী জনায়। সমাগত নিৰ্বাচনৰ পূৰ্বে জনজাতীয় লোকৰ নাম অন্তৰ্ভুক্তিৰে নতুনকৈ ভোটাৰ তালিকা প্ৰস্তত কৰিলেহে পৰিষদীয় নিৰ্বাচন সম্ভৱ হ’ব বুলি জনায় সংগঠনকেইটাই।