ছাইদুল ইছলাম, ডিফুঃ শনিবাৰে নিশা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সৰবৰাহী ব্যক্তি আব্দুল মতিন চৌধুৰীৰ মৃত্যু ঘটাত অঞ্চলটোত শোকৰ বন্যা বৈছে৷ 

জানিব পৰা মতে পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি যোৱা শনিবাৰে আব্দুল মতিন চৌধুৰীয়ে যোৰহাটত কিবা অফিচিয়েল কাম কৰি ট্ৰেইনেৰে ডিফুলৈ উভতি অহাৰ বাটত গোলাঘাটত হৃদক্ৰিয়া বন্ধ হৈ প্ৰায় ৬৮ বছৰ বয়সত মৃত্যুক সাৱটি লবলগীয়া হয়৷ 

প্ৰয়াত চৌধুৰীয়ে ১৯৮৪ চনৰ পৰাই ডিফুৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ আছিল৷ ইয়াৰোপৰি ডিফু মছজিদৰ সৈতে জন্মলগ্নৰে পৰা ওত:প্ৰোতভাৱে জড়িত থকাৰ লগতে বিভিন্ন সামাজিক কাম-কাজতো জড়িত আছিল৷ প্ৰয়াত আব্দুল মতিন চৌধুৰী এই সংসাৰত দুগৰাকী পুত্ৰ আৰু তিনিগৰাকী কণ্যা সন্তান এৰি থৈ যায়৷ 

চৌধুৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগতে চৌধুৰীৰ ডিফুৰ হৰিলাল বস্তিৰ বাস গৃহত চৌধুৰীৰ গুণমুগ্ধ আৰু শুভাকাংক্ষীসকলে প্ৰয়াত চৌধুৰীৰ নশ্বৰ দেহ দৰ্শন কৰি অন্তিম বিদায় দিয়ে৷ দেওবাৰে পুৱা ৫-৩০ বজাত ডিফু মছজিদত প্ৰয়াত আব্দুল মতিন চৌধুৰীৰ জানাজা নামাজ ডিফু মছডিদৰ ইমাম আলহাজ্ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে সম্পন্ন কৰে৷  

ইয়াৰ পিছত প্ৰয়াত চৌধুৰীৰ মৃতদেহ শিলচৰৰ স্থায়ী বাসগৃহলৈ এম্বুলেন্স যোগে লৈ যোৱা হয়৷ উল্লেখযোগ্য যে, প্ৰয়াত চৌধুৰীৰ এজন পুত্ৰ কমৰুল ইছলাম অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতিৰ পদ অলংকৃত কৰি আছে৷