45
ডিফুঃ কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে ৰাজ্য চৰকাৰৰ আনন্দৰাম বৰুৱা বঁটা ২০১৮ ৰ অধীনত ডিফুত কৃতী ছাত্ৰ-ছাত্ৰীৰ মাজত আনুষ্ঠানিক লেপটপ বিতৰণ কৰা হয়৷
২০১৮ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা পূব কাৰ্বি আংলঙৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে লেপটপ বিতৰণ কৰা হয়৷