ছাইদুল ইছলাম, ডিফুঃ কাৰ্বি আংলং জিলাৰ সৰবৰাহী ব্যক্তি, শিক্ষাবিদ আৰু ৰাজনীতিবিধ ওৱেলবৰ্ণ ক্ৰৰ আজি পুৱতি নিশা মৃত্যুৰ খবৰৰ পিছত জিলাখনত শোকৰ ছাঁ পৰিছে৷ জানিব পৰা মতে হৃদৰোগজনিত কাৰণত প্ৰয়াত ওয়েল বৰ্ণ ক্ৰ’ এনইআৰআইএমত ভৰ্তি কৰা হৈছিল যদিও তেওঁত উভতাই ৰংথিয়াঙত বাসভৱনলৈ লৈ আহে আৰু আজি পুৱতি নিশা ৩ বজাত ডিফু অসাৰিক চিকিৎসালয়ত ক্ৰই শেষ নিশ্বাস ত্যাগ কৰে৷
ক্ৰৰ বিয়োগৰ খবৰ পাই কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ওৱেলছন ক্ৰ’ৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়াল বৰ্গৰ সৈতে সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে আৰু আত্মাৰ সদগতি কামনা কৰে৷ আনকি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰয়াত ক্ৰ’ৰ সম্মানাৰ্থে চলিত মাহতে সম্পূৰ্ণ হ’বলগীয়া ৰংকিমিৰ চাছাৰলাঙচ’ পেভাৰ ব্লক পথটো প্ৰয়াত ওৱেলবৰ্ণ ক্ৰ’ৰ নামেৰে নামেৰে নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে৷ ৰংকিমি গাঁৱৰ গাঁওবুঢ়া ৰবিনছন ৰংপিয়ে গাঁওবাসীৰ হৈ তুলিৰাম ৰংপিৰ এনে পদক্ষেপক শলাগ লৈছে৷