ছাইদুল ইছলাম, ডিফু
ডিফুঃ চলিত জুন মাহটো ৰাষ্ট্ৰীয় শিশু সুৰক্ষা মাহ হিচাপে লৈ ৰাষ্ট্ৰীয় শ্ৰম মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু কাৰবি আংলং জিলা প্ৰশাসন, কাৰবি আংলং আৰক্ষী ডিফু চাইল্ড লাইন, কাৰবি আংলং শ্ৰম বিভাগ, আৰু জাম্বলি মটৰ চাইকেল ক্লাবৰ সহযোগত আজি পুৱা শিশু সুৰক্ষাৰ সজাগতাৰ বাবে এক মটৰ চাইকেল ৰেলী বাহিৰ কৰে৷
জিলা শিশু সুৰক্ষা গোটৰ সমন্বয়ক বুলু তেৰাঙৰ উপস্থিতিত মটৰ চাইকেল ৰেলীৰ আনুষ্ঠানিকভাবে ফ্লেগ অফ কৰে কাৰবি জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত নৰচিং বে'ই৷ জাম্বলি আথন ক্লাবৰপৰা ৰেলী অংশ গ্ৰহণ কৰা ২৫ খনকৈ মটৰ চাইক্লীষ্ট দলক নেতৃত্ব প্ৰদান কৰে ৰোড কেপ্তেইন চিকাৰী ইংহী আৰু তেজু দেৰা আৰু জাম্বলি ক্লাবৰ সাধাৰণ সম্পাদক নিতুল তেৰাঙে৷
ইফালে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জিলা শিশু সুৰক্ষা গোটৰ সমন্বয়ক বুলু তেৰাঙে কয় যে ৰাষ্ট্ৰীয় শ্ৰম মন্ত্ৰালয়ৰ নিৰমদেশ মৰ্মে চলিত মাহৰ ১ তাৰিখৰ পৰা ৩০ তাৰিখলৈকে পালন কৰিবলগীয়া শিশু সুৰক্ষা মাহৰ অংশ স্বৰূপ আজিৰ মটৰ চাইকেল ৰেলী৷ মটৰ চাইকেল ৰেলীৰ দলটো ডিফু, ধনশিৰি, নাগালেণ্ড হৈ শিলনী জান দেওপানী মন্দিৰ হৈ পুণৰ হিডিপি, ডিলাই মাঞ্জা হৈ ডিফুলৈ প্ৰত্যাগমন কৰিব বুলি জনায় ৷
ইয়াৰোপৰি ৯ টা যাত্ৰা পথৰ ৯ টা পইণ্টত দলটোৱে শিশু শ্ৰম, বাল্যবিবাহ, শিশু সৰবৰাহ আদিৰ ওপৰত মাইকেৰে ঘোষণা, পষ্টাৰিং, টেম্পলেট আদিৰ সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিব৷ আনহাতে দেউপানী মন্দিৰত এই সন্দৰ্ভত বিশেষ কাৰ্যসূচীৰ জৰিয়তে বাল্যবিবাহ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰিবাল্যবিবাহ সন্দৰ্ভত আইনৰ দিশ সমূহৰ ওপৰত আলোকপাত কৰা হব বুলি সমন্বয়ক গৰাকীয়ে জানিবলৈ দিছে৷