ডিফুঃ বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰায় ৫ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে সোমবাৰে ডিফুত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
অট’নমাছ ষ্টেট ডিমাণ্ড কমিটী, চমুকৈ এ এছ ডি চি, কাৰ্বি ছাত্ৰ সন্থাই চমুকৈ কে এছ আৰু কাৰ্বি নিমচ’ চিংথুৰ আছং চমুকৈ কে এন চি এৰ উদ্যোগত ডিফুৰ চেমছনচিং মেম’ৰিয়েল পাৰ্কৰ সন্মুখত কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰপৰা অহা প্ৰতিবাদকাৰীয়ে পাৰ্কখনৰ সন্মুখেৰে যোৱা ৰাস্তাৰে এছোৱা পুৱা ১১ বজাৰপৰা ২ বজালৈ প্ৰায় ৪ ঘণ্টাজোৰা সময় অৱৰোধ কৰি ৰখাৰ লগতে তিনি পাৰ্বত্য জিলাত বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা নিদিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে।