♦ ২০৩০ চনৰ ভিতৰত অসমত ৬০০০ মেগাৱট বিদ্যুৎ শক্তি উৎপাদন কৰা হ’বঃ মুখ্যমন্ত্ৰী সোণোৱা

ডিফুঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ মিনত্ৰিয়াঙত অৱস্থিত ৯ মেগাৱাট শক্তি সম্পন্ন মিনত্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দেওবাৰে শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

পুৱা ১০-৪৫ মিনিতত হেলিকপ্টাৰেৰে বৈঠালাংছ’ৰ হেৰডিহুন আক্লামত অৱতৰণ কৰি মুখ্যমন্ত্ৰীয়ে পোনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ প্ৰায় আঢ়ৈ ঘন্টা ধৰি ৰাইজৰ লগত থাকি শুনে৷ ইয়াৰ পাছত ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ ৰাজ্যিক পৰ্যায়ত উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ তিনি গৰাকী কৃষকক সম্বৰ্ধনা জনায়৷ এই অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰীয়ে ৯ মেগাৱাট শক্তি সম্পন্ন মিনত্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ শুভাৰম্ভণি কৰে৷ এই দুয়োটা কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ উপৰি শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ, বৈঠালাংছ’ আৰু হাওৰাঘাতৰ বিধায়ক ক্ৰমে ডাঃ মানছিং ৰংপি, জয়ৰাম ইংলেং, কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰি পৰিষদৰ সকলো কাৰ্যবাহী সদস্য উপস্থিত থাকে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০৩০ চনৰ ভিতৰত সমগ্ৰ ৰাজ্যত ৬০০০ মেগাৱট বিদ্যুৎ শক্তি উৎপাদন কৰা হ’ব আৰু এই ক্ষেত্ৰত পাৰ্বত্য জিলা পূব আৰু পশ্চিম কাৰ্বি আংলঙক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে৷

আনহাতে মুখ্যমন্ত্ৰীক কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি পহ’ আৰু ফুলৰ থোপাৰে ঊষ্ম আদৰণি জনায়৷