বোকাজানঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ডিফু আদালতে জাৰি কৰিছে ১০ হাজাৰ টকাৰ জামিনযুক্ত গ্ৰেপ্তাৰী পাৰোৱানা। এটা টুইটক কেন্দ্ৰ কৰি কেজৰিৱালৰ বিৰুদ্ধে জাৰি কৰা হৈছে এই গ্ৰেপ্তাৰী পৰোৱানা।
উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উচ্চতৰ মাধ্যমিকৰ পাছত আন শিক্ষাৰ প্ৰমাণ পত্ৰসমূহ জাল বুলি টুইট কৰিছিল ৷ এই টুইটৰ পাছতে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰে ডিফুত নৱ কুমাৰ ডেকা বৰুৱাৰ আদালতত এক গোচৰ ৰজু কৰে৷