ডিফুঃ কাৰ্বি পাহাৰত অন্ধ বিশ্বাসৰ বাবে সংঘটিত হ’ল আন এক নাৰকীয় হত্যাকাণ্ড ৷ যোৱা ৯ নৱেম্বৰত কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত কলুৰডুঙত এহাল দম্পতীক ডাইনী সজাই অত্যাচাৰ চলোৱাৰ ঘটনা মাৰ নৌযাওঁতেই পুণৰ বকলিয়াঘাটৰে ডিচ’বাইত আন একাংশ লোকে ডাইনীৰ সন্দেহত ছচেন টেৰণ নামৰ এজন বৃদ্ধ লোকক পাশৱিক আক্ৰমণ কৰি হত্যা কৰা ঘটনাত কাৰ্বি পাহাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, এলেকাটোত কেইবাজনো লোকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় একাংশ লোকে গাওঁখনৰ ছচেন টেৰণক কালী সাধনা কৰা বুলি কৈ তেওঁৱেই ডাইনী হোৱাৰ বাবে লোককেইজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰে ৷ যোৱা নিশা লুণছে তিমুঙ গাঁৱৰ গাওঁবুঢ়াৰ ঘৰত টেৰণসহ টেৰণ পৰিয়ালক তলব কৰা হয় ৷ গাওঁবুঢ়াৰ চোতালত টেৰণক ডাইনী সজাই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷