ডিফুঃ সোমবাৰে পুৱা ডিফু চহৰত মৃতদেহ থকা মুখবন্ধা এটা বস্তাক লৈ চহৰখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়৷ পাহাৰীয়া জিলাৰ সদৰ চহৰ অট’ নগৰী ৰূপে খ্যাত ব্যস্ততম ডিফু চহৰত পথৰ কাষত পৰিত্যক্ত অৱস্থাত থকা এটা মুখ বন্ধা বস্তাক লৈ স্থানীয় বাসিন্দা আৰু পথচাৰী সকলৰ মাজত হুৱাদুৱা লাগে৷
জানিব পৰা মতে স্থানীয় লোকৰ ভাষ্য অনুসৰি দেওবাৰে নিশা কোনো লোকে লোক চক্ষুৰ আঁৰলৈ এটি মৃতদেহ থকা মুখবন্ধা বস্তা ডিফু জিনিং মিল পথৰ আৰচিচি দলঙৰ কাষৰ পথৰ কাষত পেলাই থৈ যায়৷ পুৱাৰ ভাগত বস্তাটোৰপৰা ওলোৱা দুৰ্গন্ধৰ বাবে স্থানীয় ৰাইজে মৃতদেহ থকা পৰিত্যক্ত বস্তাটোৰ অৱস্থিতি ধৰা পেলোৱাত উক্ত বস্তাত মানুহৰ মৃতদেহ থকা বুলি চাৰিওফালে খবৰ বিয়পি পৰে৷