ডিফুঃ ডিফুৰ জৱাহৰ নবোদয় বিদ্যালয় চৌহদত থকা বাহন চালকৰ ঘৰত অগ্নি সংযোগ কৰা দূৰ্বৃত্তক ডিফু নগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷
প্ৰাপ্ত বাতৰি মতে যোৱা ১৯মে'ৰ পুৱা প্ৰায় ৪ বজাত নবোদয় বিদ্যালয় চৌহদত থকা বিদ্যালয়ৰ বাহন চালকৰ ঘৰত ঘৰত অগ্নি সংযোগ হৈ চালক সঞ্জীত দেৰ ঘৰ জলি ভস্মীভূত হোৱাৰ লগতে প্ৰায় ৬লক্ষ্যাধিক টকাৰ সা- সম্পত্তি নষ্ট হোৱা বুলি ডিফু থানাত এজাহাৰ দাখিল কৰিছিল৷
এই সন্দৰ্ভত ডিফু থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত থকাৰ সময়তে আজি একেখন বিদ্যালয়তে ৰান্ধনি শালত সহায়ক হিচাপে কাম কৰা বিৰলীৰ জয়ছিং তেৰাঙ বস্তিৰ ৰসলাল দে'ৰ পুত্ৰ সুৰজিত দে'ক সোধ-পোছ কৰাত অগ্নি-সংযোগৰ কথা আৰক্ষীৰ আগত অকপটে স্বীকাৰ কৰে৷
সুৰজিতে সেইদিনা পুৱা বিদ্যালয় চৌহদৰ বেৰ বগাই চালক সঞ্জিত দে'ই পৰিয়ালসহ ছুটী উপভোগ কৰাৰ সুযোগ লৈ কেৰাচিন ঢালি সঞ্জিতৰ ঘৰত অগ্নি সংযোগ কৰে৷ সুৰজিতে ব্যক্তিগত আখেজৰ বাবেই এই কাৰ্য সংঘটিত কৰিছে বুলি স্বীকাৰ কৰে৷
জানিব পৰা মতে, প্ৰায় ৭ বছৰ পূৰ্বে সঞ্জিত দেই সুৰজিত দে' ক নবোদয় বিদ্যালয়ত ৰান্ধনি শালত সহায়কৰ চাকৰিত নিযুক্তি দিয়াইছিল৷ সুৰজিতেও সঞ্জিতৰ ঘৰুৱা কাম-কাম কাজত সহায় কৰি দি আহিছিল৷
ইয়াৰ মাজতে, গাড়ীৰ অনুজ্ঞা পত্ৰ উলিয়াই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সঞ্জিতে। কিন্তু বহুদিন পাৰ হৈ যোৱাৰ পিছতো গাড়ীৰ অনুজ্ঞা পত্ৰ নোপোৱাত সুৰজিতে মনত আখেজ পুহি ৰাখি অৱশেষত অগ্নি সংযোগৰ দৰে কাণ্ড সংঘটিত কৰে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।