ডিফুঃ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবে গৌৰৱোজ্জ্বল দ্বিতীয় বৰ্ষত ভৰি দিছে৷ এই উপলক্ষে শুকুৰবাৰে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ উদ্যোগত লংলাকচ’ (শিলনী)ৰ বনভোজ থলীৰ প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিৱেশৰ মাজত দ্বিতীয় প্ৰতিষ্ঠা দিৱসটো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷
জিলাখনৰ বিভিন্ন প্ৰান্তৰপৰা অহা সাংবাদিকসকল শিলনীৰ বনভোজ থলীত সমৱেত হৈ প্ৰতিষ্ঠা দিৱসটো সুৰীয়া গীত-মাত আৰু ৰসাল মত বিনিময়েৰে সজীৱ কৰি তোলে৷ ইয়াৰ পূৰ্বে জিলা প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি কিৰি ৰংহাঙে৷