ডিফুঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ডিফুৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মাউণ্ট কালভাৰী স্কুল আৰু ডনবস্ক স্কুলৰপৰা উত্তীৰ্ণ হোৱা ডিফু চহৰৰ শীতলাবাড়ী আৰু পানবাৰীৰ জিয়ৰী ক্ৰমে নফিছা তাছমিন লষ্কৰ আৰু নন্দিনী ভাওৱালৰ ডিষ্ট্ৰীংছনৰ কৃৰ্তিত্বকলৈ শীতলাবাৰী আৰু পানবাৰীত উল্লাসৰ বন্যা বৈ গৈছে৷
ডিফু চহৰ আৰু এলেকা দুখনলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী ছাত্ৰী ক্ৰমে নফিছা তাছমিন লষ্কৰে ঐচ্ছিক গণিতত ৯৯, সাধাৰণ গণিতত ১০০, ইংৰাজী ৯১, সাধাৰণ বিজ্ঞানত ৯৩, সমাজ বিজ্ঞানত ৯১, ইংৰাজী (আইএল)ত ৫০ ৰ ভিতৰত ৪৬ আৰু হিন্দী (আইএল) ত ৫০ৰ ভিতৰত ৪১ ডিষ্টীংছন সহ সৰ্বমুঠ ৫৫৮ নম্বৰত শতকৰা ৯৩ শতাংশ লাভ কৰিবলৈ সক্ষম হয়৷