47
ছাইদুল ইছলাম, ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিলাইত স্বামীৰ প্ৰহাৰত প্ৰাণবায়ু উৰি গ’ল পত্নীৰ৷ এই লৈ এলেকাটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷
আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে যোৱা বুধবাৰে পুৱতি নিশা প্ৰায় ৪-৩০ মান বজাত ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত ০ পইণ্টৰ ৰাম তেৰাং গাঁৱত মোহন তেৰাং নামৰ লোক এজনে তেওঁৰ পত্নীৰ সৈতে সাংসাৰিক কাজিয়াত লিপ্ত হৈ স্বামী মোহন তেৰাঙে পত্নী নালী টেৰণপী (৩০)ক কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰি গুৰুতৰ জখম কৰে৷