ডিফুঃ পৱিত্ৰ ৰমজান মাহৰ লগত সংগতি ৰাখি তথা প্ৰতিদিনৰ ইফতাৰ কাৰ্যসূচীৰ বাহিৰেও বুধবাৰে সন্ধিয়া এক বিশেষ ইফতাৰ কাৰ্যসূচীৰ আয়োজন কৰিছে হৰিলাল বস্তি মোক্তাব কমিটীয়ে৷

উক্ত কাৰ্যসূচীত মুখ্য অতিথি ৰূপে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে ডিফু মিউনিচিপালটি ব’ৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ' আৰু কেইবাগৰাকী গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ কৰিছে উদ্যোক্তাসকলে৷

ইফতাৰ কাৰ্যসূচীত  ইতিমধ্যে ইহলীলা সম্বৰণ কৰা ব্যক্তিসকলৰ আত্মাৰ সদগতি আৰু কাৰ্বি আংলং তথা সমগ্ৰ বিশ্ব শান্তিৰ বাবে অদৃশ্যজনৰ ওচৰত মোনাজাত কৰা হ'ব৷ উল্লেখযোগ্য যে, সম্প্ৰতি নিইজিলেণ্ড, শ্ৰীলংকাকে ধৰি পৃথিৱীৰ চৌদিশে সংগঠিত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তীব্ৰ গৰিহণা দি হৰিলাল বস্তি মোক্তাব কমিটা কৰ্তৃপক্ষই কয় যে, ইছলাম শান্তি আৰু ভাতৃত্বৰ প্ৰতীক, ইয়াত সন্ত্ৰাসৰ স্থান নাই৷

কাৰ্বি আংলঙৰ উন্নয়ণ সকলো জনগোষ্ঠীৰ উন্নয়ণ, সেয়ে উন্নয়ণৰ প্ৰবাহিত ধাৰাত ডিফু মুছলমান সমাজৰো আকুণ্ঠ সমৰ্থন আছে বুলিও মোক্তাব কৰ্তৃপক্ষই সাংবাদিকৰ আগত প্ৰকাশ কৰে৷